JobAssam

JobAssam

Share

06/17/2026

প্ৰশ্নকাকত যদি মাত্ৰ এজন প্ৰাৰ্থীৰ হাততো পৰীক্ষাৰ আগতে পৰে, তেন্তে সেই পৰীক্ষাক আৰু ন্যায়সংগত বুলি ক’ব নোৱাৰি। প্ৰশ্নকাকত ফাদিল একেবাৰে গুৰুতৰ বিষয়, ইয়াৰ কঠোৰ তদন্ত হ’বই লাগিব।

কিন্তু Telegram বন্ধ কৰাটো ইয়াৰ সঠিক সমাধান নহয়। মূল প্ৰশ্নটো হ’ল—প্ৰশ্নকাকত প্ৰথমে ফাদিল হ’ল কেনেকৈ? ইয়াৰ লগত কোন জড়িত আছিল? ভিতৰৰ পৰা সহায় কৰা ব্যক্তি বা চক্ৰক ধৰা হ’লনে?

Telegram বন্ধ কৰিলে অপৰাধীসকলে WhatsApp, Signal, Discord, Session বা আন কোনো এপ ব্যৱহাৰ নকৰিব বুলি কোনো নিশ্চয়তা নাই। এটা এপ বন্ধ কৰি মূল সমস্যাটো সমাধান কৰিব নোৱাৰি।

ন্যায্য পৰীক্ষা নিশ্চিত কৰিবলৈ প্ৰশ্নকাকতৰ সুৰক্ষা শক্তিশালী কৰিব লাগিব, দোষীক চিনাক্ত কৰি শাস্তি দিব লাগিব আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক দায়বদ্ধ কৰিব লাগিব। সাধাৰণ মানুহে ব্যৱহাৰ কৰা এটা সম্পূৰ্ণ এপ বন্ধ কৰাটো সমাধান নহয়, ই কেৱল চৰকাৰৰ ব্যৰ্থতা ঢকাৰ চেষ্টা যেনহে লাগে।

Want your business to be the top-listed Finance Company in New York?
Click here to claim your Sponsored Listing.

Address


New York, NY