Udalguri LIVE

Udalguri LIVE

Share

07/06/2026

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃতি অৱসৰী শিক্ষক , ওদালগুৰি সাহিত্য সভাত প্ৰাক্তন সভাপতি , সমাজসেৱক নৰেশ্বৰ ডেকাৰ আজি পুৱতি নিশা ওদালগুৰিস্থিত নিজ বাসগৃহত ৯২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাপ্ৰাপক ডেকাই শিক্ষা, সমাজ জীৱন আৰু সংবাদক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেখেতৰ মৃত্যুত সমগ্ৰ ওদালগুৰিত শোকৰ ছাঁ পৰিছে।

Udalguri LIVE - Digital

07/06/2026

বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আজি ওদালগুৰিত ‘FIT INDIA CYCLING DRIVE 2026’ শীৰ্ষক এটি চাইকেল ৰেলী উলিওৱা হয়। ওদালগুৰি চাইক্লিং কমিউনিটি আৰু Fit India ৰ উদ্যোগত তথা ওদালগুৰি আৰক্ষী আৰু Help Aid India Foundation ৰ সহযোগত অনুষ্ঠিত এই ৰেলীত অংশ গ্ৰহণ কৰে ওদালগুৰিৰ নয়নমণি বৰ্মন, ওদালগুৰি থানাৰ মনোজ্জল গগৈ, পৰ্যায়ৰ প্ৰাক্তন হকী খেলুৱৈ ৰিংকি চৌহানৰ লগতে বহু বিশিষ্ট ব্যক্তি।
Udalguri LIVE - Digital
Udalguri LIVE - BODO
Udalguri Police

06/06/2026

BPF আৰু BJP ৰ উদ্যোগত শুক্ৰবাৰে ওদালগুৰি জিলাৰ ১১৭ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক ৰূপনাথ ব্ৰহ্ম শৈক্ষিক বটাঁ সহ ২০ হাজাৰ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়। ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত বিটিচিৰ উপ- মুখ্য কাৰ্য্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক ৰিহণ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভিয্যপূৰ্ণ অনুষ্ঠানত ওদালগুৰি জিলা খনৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মাতৃভাষা বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ১১৭ গৰাকী শিক্ষাৰ্থীক ৰূপনাথ ব্ৰহ্ম শৈক্ষিক বটাঁ , ২০ হাজাৰ টকাৰ আৰ্থিক অনুদান , এখন মানপত্ৰ , আৰনাই আৰু গছৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়

Want your business to be the top-listed Media Company in Udalguri?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Udalguri