FOCUS Live

FOCUS Live

Share

20/09/2025

শিৱসাগৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।

চহৰৰ দ'লমুখ চাৰিআলিস্থিত ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শিৱসাগৰবাসী ৰাইজে "জুবিন গাৰ্গ অমৰ হওঁক" শীৰ্ষক বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে জনতাৰ শিল্পীগৰাকীলৈ জনাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই উপস্থিত অগণন ৰাইজে জুবিন গাৰ্গৰ "মায়াবিনী" গীতটি পৰিবেশন কৰি মৰমৰ শিল্পীগৰাকীৰ মনৰ ইচ্ছা পুনৰ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।

Mayabini ratir bukut || zubeen new assamese song 19/09/2025

Mayabini ratir bukut || zubeen new assamese song Mayabini ratir bukut || zubeen new assamese songMayabini ratir bukut Dekha palu tumar sobi Dhora dila gopone ahi Hiyar konot Tumi je mor xukan monot Niyorore...

01/09/2025

ডিমৌৰ ভীমপোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত অঘটন। পাঠদান চলি থকা সময়তে বিকত চিঞৰ মাৰি মূৰ্চা গ'ল ৬ গৰাকীকৈ ছাত্ৰী। ফলত বিদ্যালয় খনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে শিক্ষাৰ্থীসকলৰ মাজত।

শিৱসাগৰ জিলাৰ ডিমৌৰ ভীমপোৱা হাইস্কুলত আজি এক হুৱা দুৱা পৰিবেশৰ সৃষ্টি হয়। নৱম শ্ৰেণীত পাঠদান চলি থকাৰ মাজতে ছয় গৰাকীকৈ ছাত্ৰী মূৰ্চা যায়। যাৰ ফলত শ্ৰেণী কোঠাত থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আতংকৰ পৰিবেশ সৃষ্টি হয়। পিছত একাংশ ছাত্ৰ আৰু অভিভাৱকৰ তৎপৰতাত আটাইকে ডিমৌ আৰ্দশ চিকিৎসালয়ত ভৰ্ত্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে। ইয়াৰে এগৰাকী ছাত্ৰীক উণ্ণত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক প্ৰেৰণ কৰে।

ইপিনে, কি কাৰণে ছাত্ৰী কেইগৰাকী অচেতন হৈ পৰিল সেয়া জানিব পৰা হোৱা নাই যদিও এগৰাকী ছাত্ৰী মানসিক ভাৱে অসুস্থ হৈ পৰাত সেই দৃশ্য প্ৰত্যক্ষ কৰি আন কেইগৰাকী ছাত্ৰী অচেতন হৈ পৰিল বুলি প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰিছে।

Want your business to be the top-listed Media Company in Sibsagar?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Sibsagar
785662