Creative Jayanta
Wishing you happy birthday Heart-throb 🎉🎂🎁💕
08/11/2025
📌📌সঁচাকৈয়ে এইখিনি পঢ়ি আৰু পাগলা হৈ গৈছে মাথা
#গুৰুত্বপূৰ্ণ
মুকুল কলিতাদেৱে সন্দেহ ব্যক্ত কৰি দিয়া এটা প'ষ্ট চকুত পৰাত ৩১ অক্টোবৰত বাৰ্তালাপত প্ৰচাৰিত এই সাক্ষাৎকাৰটো আকৌ এবাৰ শুনিলোঁ। ইয়াত দুটামান কথা খেলিমেলি পাইছোঁ। চক্ৰপাণি পৰাশৰৰ ভাষ্যমতে --
১. চক্ৰপাণি পৰাশৰে কৈছে যে ১৯ তাৰিখে তেওঁ আৰু তৰালী শৰ্মা কলাক্ষেত্ৰলৈ গৈছিল। তাত এটা অনুষ্ঠান আছিল। মহিলা এগৰাকীয়ে থুৰীয়া আনিছিল। তৰালীয়ে চক্ৰপাণিক থুৰীয়া পিন্ধাই চাইছিল। চক্ৰপাণিয়ে মহিলাগৰাকীক দুযোৰ থুৰীয়া বনাবলৈ কৈছিল, এযোৰ জুবিন দাক দিব। সময় তেতিয়া দুপৰীয়া ১.৩০ মিনিট ।
২. আবেলিলৈ বেয়া খবৰটো অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো পাই শশাঙ্ক সমীৰ, বনদ্বীপ আৰু পাৰ্থৰ সৈতে গৰিমা শইকীয়া গাৰ্গৰ ঘৰলৈ গৈছে। তাত মানুহ ভৰ্তি তেতিয়ালৈ। ঘটনাটো প্ৰকৃততে কি হৈছিল সেয়া জানিবলৈ শেখৰ গোস্বামীলৈ ফোন কৰিছিল গৰিমা শইকীয়াৰ ঘৰৰপৰাই।
৩. ফোনত শেখৰে কৈছিল তেওঁ গুৱাহাটীতে আছে। সেইকথা জানি চক্ৰপাণি পৰাশৰে কৈছে যে তুমি গুৱাহাটীতে আছা যদি কিয় কথাবোৰ জনোৱা নাই ? তুমি জনাব লাগিব। মই তোমাৰ ঘৰলৈ গৈ আছোঁ।
৪. ৰাতি ১২ বজাত চক্ৰপাণি শেখৰৰ ঘৰ গৈ পাইছে। চক্ৰপাণিয়ে বুজাইছে যে তুমি কথাবোৰ কিয় কোৱা নাই, তুমি ক'ব লাগিব। তাত আৰু মানুহ আছিল যিসকলৰ নাম এতিয়াও লোৱা নাই। কোনোবাই সুধিলে ক'ব। (সময়টো মন কৰিব)
৫. ডেৰ ঘন্টা বুজোৱাৰ পাছত শেখৰে ১ বজালৈকে কাহিনী কৈছে। তাৰপাছত ৰাতিয়েই সেই কাহিনীৰ ৰেকৰ্ডিং এডিটিং কৰি প'ষ্ট কৰাৰ লগতে বাকী চেনেল সমূহলৈয়ো পঠিয়াই দিছে।
১২ বজাৰপৰা ডেৰ ঘন্টা বুজোৱাৰ পাছত কাহিনী ক'লে ১.৩০ বজাৰপৰা কাহিনী ক'ব লাগিব। কিন্তু ১ বজালৈকে শেখৰে কাহিনী কৈছে বুলি চক্ৰপাণিয়ে কৈছে । আনহাতে চক্ৰপাণি পৰাশৰে লোৱা শেখৰৰ সাক্ষাৎকাৰটোত শেখৰে জুবিনক অনা ফ্লাইটতে আহিছোঁ বুলিও কৈছিল। সেয়া নিশ্চয় মনত আছে সকলোৰে। "দাদাক অনা ফ্লাইটতে ময়ো আহিলো কিন্তু গম নাপাওঁ যে দাদাক তাতে অনা হৈছে। দাদাই মোক শেষ মুহূৰ্তলৈকে এৰি নিদিলে।" এয়া আছিল শেখৰৰ ভাষ্য। এতিয়া প্ৰশ্ন হৈছে ---
প্ৰশ্ন (১) ১৯ তাৰিখে ৰাতি চক্ৰপাণি পৰাশৰে কাৰ সাক্ষাৎকাৰ ল'লে যদি শেখৰ জুবিনক অনা ফ্লাইটত আহিছিল?
প্ৰশ্ন (২) যদি শেখৰ ১৯ তাৰিখে গুৱাহাটীত আছিল তেন্তে জুবিনৰ মৃত্যু কোন তাৰিখে হৈছিল?
প্ৰশ্ন (৩) ইমান ডাঙৰ বিসংগতি এটা চক্ৰপাণি পৰাশৰে গম পোৱা নাছিল নে আন কিবা ৰহস্য আছে ?
প্ৰশ্ন (৪) এই বিসংগতি জুবিনৰ পৰিয়ালে গম পোৱা নাই নে কিবা লুকুৱাইছে তেওঁলোকেও ?
প্ৰশ্ন (৫) আচলতে গণ্ডগোলটো ক'ত হৈছে ? সময়ৰ ইমান খেলিমেলি কিয় হৈছে ? এই বিষয়ে কোনেও প্ৰশ্ন তোলা দেখা নাই কিয় ?
প্ৰশ্ন (৬) শেখৰ আৰু জুবিনৰ শৱ যদি একেখন ফ্লাইটত আহিছিল তেন্তে ২১ তাৰিখে ফ্লাইটৰপৰা নমোৱা কফিনত কাৰ মৃতদেহ আহিছিল?
প্ৰশ্ন(৭) জুবিন আৰু শেখৰ একেলগে সাগৰত সাঁতুৰি থকা ভিডিঅবোৰ কোন তাৰিখৰ ?
প্ৰশ্ন (৮) কোন সঁচা ? চক্ৰপাণি, নে শেখৰ নে আমি দেখা কফিনটো ? যদি শেখৰ জুবিনৰ শৱ অনা ফ্লাইটত আহিছে তেন্তে ২১ তাৰিখে পাবহি লাগে। তেন্তে ১৯ তাৰিখে সেয়া শেখৰৰূপী কোন ? যদি ১৯ তাৰিখেই শেখৰ আহিল তেন্তে শেখৰে দাদাক অনা ফ্লাইটতে আহিছোঁ বুলি কিয় ক'লে ? তাকো চক্ৰপাণিয়ে লোৱা সাক্ষাৎকাৰত ? নে চক্ৰপাণিয়ে তাৰিখটো ভুলকৈ কৈছে ? উহ ! পগলা হৈ যাম !!!!
সেয়ে কৈ থাকো, কেৱল আৱেগ বিহ্বল হৈ ডিজিটেল আন্দোলন কৰি থাকিলে নহয়, ডিমাগ খটুৱাব লাগিব। প্ৰশ্ন তুলিব লাগিব। বাকীখিনি আপোনালোকে ভাবক। মূৰটো ঘূৰাই গৈছে ।
゚
Creative Jayanta
Copied
07/11/2025
নাগাৰা নাম জগতৰ ভোটাতৰা স্বৰূপ মাননীয় ৰামচৰণ ভৰালী দেৱে কিছু সময় পূৰ্বে ইহ সংসাৰৰ পৰা বিদায় লয় ।। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।।
゚
Click here to claim your Sponsored Listing.
Category
Contact the establishment
Address
Nalbari
781304