AASAA Titabor Regional Committee
08/04/2026
আজি ৮ এপ্ৰিল তাৰিখে আমাৰ আদিবাসী সমাজৰ গৌৰৱ, আদিবাসী জাতীয় নায়ক Pradeep Nag দেৱৰ মৃত্যুৰ প্ৰথম বাৰ্ষিকী। আজি এই দুখৰ দিনত আমি তেখেতক গভীৰ শ্রদ্ধা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।
প্ৰদীপ নাগ দেৱে নিজৰ জীৱনটো আদিবাসী সমাজৰ অধিকাৰ, সন্মান আৰু উন্নয়নৰ বাবে উত্সৰ্গ কৰিছিল। তেখেতে সদায় আদিবাসী সমাজৰ কণ্ঠস্বৰ হিচাপে আগবাঢ়ি গৈ সমাজৰ হক অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল। তেখেতৰ সাহস, ত্যাগ আৰু সমাজৰ প্ৰতি থকা নিষ্ঠা আমাৰ সকলোৰে বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।
তেখেতৰ অকাল মৃত্যুৱে আদিবাসী সমাজত এক ডাঙৰ শূন্যতা সৃষ্টি কৰিছে। যদিও তেখেত আজিৰ দিনত আমাৰ মাজত নাই, কিন্তু তেখেতৰ আদৰ্শ, চিন্তা আৰু সমাজৰ বাবে কৰা ত্যাগ চিৰদিনে আমাৰ হৃদয়ত জীয়াই থাকিব।
এই শোকৰ দিনত আমি তেখেতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু প্ৰাৰ্থনা কৰোঁ যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে।
🙏 শ্ৰদ্ধাঞ্জলি
জন্ম: ২৮/০৯/১৯৭৮
মৃত্যু: ০৮/০৪/২০২৫
🌼 আমাৰ আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ দেৱ সদায় আমাৰ স্মৃতিত অম্লান হৈ থাকিব।
28/03/2026
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিতাবৰ আঞ্চলিক সমিতি আৰু আছা লেটেকুজান প্ৰাথমিক গোটৰ সহযোগত চাহ লেটেকুজান বাগিচাত মহিলা শ্রমিকক অশ্লীল ভাষাৰে অপব্যৱহাৰ কৰা পৰিচালকৰ বিৰুদ্বে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ গৰিহনা জনাইছো। ✊
28/03/2026
20/02/2026
আজি হাৰিবৰস্থিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কাৰ্যালয়ত লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ, গঠনমূলক আৰু ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিব পৰা সুযোগ লাভ কৰিলোঁ। এই সভাত জিলাৰ প্ৰাক্তন সভাপতি-সম্পাদকসকল, বৰ্তমানৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ নেতৃত্ববৰ্গৰ উপস্থিতি আমাৰ বাবে অতিশয় প্ৰেৰণাদায়ক আছিল।
সংগঠন শক্তিশালীকৰণ, সদস্যভৰ্তি অভিযান তীব্ৰ কৰা, ছাত্ৰ-ছাত্ৰীৰ সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান, আৰু আগন্তুক কাৰ্যসূচীৰ সুসংগঠিত ৰূপায়ণৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। বিশেষকৈ ঐক্য, শৃঙ্খলা, ভ্ৰাতৃত্ববোধ আৰু পাৰস্পৰিক সমন্বয় অধিক দৃঢ় কৰাৰ ওপৰত সকলোৰে একমত দেখা যায়।
ছাত্ৰ সমাজৰ অধিকাৰ সুৰক্ষা, সামাজিক ন্যায় প্ৰতিষ্ঠা আৰু আদিবাসী সমাজৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে আমি সমষ্টিগতভাৱে আগবাঢ়ি যাবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিলোঁ। লখিমপুৰ জিলা সমিতিৰ সক্ৰিয়তা আৰু প্ৰতিশ্ৰুতি প্ৰশংসনীয়, আৰু আগন্তুক দিনত আছাৰ সংগঠন অধিক শক্তিশালী ৰূপত আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস।
সকলো সহযোদ্ধালৈ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। একেলগে, ঐক্যবদ্ধভাৱে আগুৱাই যাওঁ।
(আছা) দীঘলীয়া জীৱন লাভ কৰক
🏹🙏
17/02/2026
We Want ST✊
#জিন্দাবাদ
11/02/2026
তিতাবৰৰ প্রাগজ্যোতিকাৰ ছাত্রীনিৱাসত ছাত্রী লক্ষী কৰ্মকাৰৰ ৰহস্যজনক মৃত্যু
দ্বাদশ শ্রেণীৰ ছাত্রী আছিল লক্ষী কৰ্মকাৰ
মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এটা টোকা
ছাত্রীগৰাকীৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত অজ্ঞাত। শীঘ্ৰেই উচ্চ পদস্থ ন্যায় দণ্ডাধীশৰ দ্বাৰা তদন্তৰ বাবে দাবী জনাই তিতাবৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ আজি তিতাবৰ সমজিলাৰ আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
Click here to claim your Sponsored Listing.
Category
Address
2no Sologuri Bampother
Jorhat
785630