Jorhat model composite school

Jorhat model composite school

Share

08/03/2025

আজি নাৰী দিবসৰ শুভক্ষণত প্ৰতি গৰাকী নাৰীলৈ সন্মান, শ্ৰদ্ধা লগতে শুভকামনা জ্ঞাপন কৰিলোঁ।

Photos from Jorhat model composite school's post 13/10/2024
Photos from Jorhat model composite school's post 30/09/2023

যোৰহাট আদৰ্শ সংযুক্ত বিদ্যা লয়ৰ পৰা অবসৰ গ্ৰহণৰ আগতে এটা ভাল কাম কৰি গলো বুলি নিজেই সন্তোষ লভিলো।।এয়াও এক আত্ম সন্তুষ্টি।আজি মোৰ অবসৰ গ্ৰহণৰ শেষ দিন।বুজাব নোৱাৰ এক বেদনা।বিশেষকৈ ৩২ বছৰ চাকৰি সময়ত ছাত্ৰ-ছাত্ৰীৰ লগত কটোৱা সময় বোৰ প্ৰতি ক্ষেত্ৰতে তেওঁলোকৰ লগত লাগি থকা স্মৃতিবোৰেসহকৰ্মীৰ লগত কটোৱা সময় বোৰে।মোক জীৱনটোবৰকৈ আমনি কৰিব।মই গোপন কৰি ডাঙৰ কৰা গছকেইজোপায়ো মোক বাৰে বাৰে মাতিব।

# # #মনিৰাম দেৱানৰ স্মৃতিত শ্বহীদ বেদী উদ্বোধন

যোৰহাট আদৰ্শ সংযুক্ত বিদ্যা লয়ত মনিৰাম দেৱানৰ স্মৃতিত এটি শ্বহীদ বেদী উদ্বোধন কৰা হয়। অনুষ্ঠানটি ছাত্ৰ-ছাত্ৰীৰ এটি সমবেত সংগীতেৰে আৰম্ভ কৰা হয়।শ্বহীদ বেদী উদ্বোধন কৰে নেচনেল টেলিগ্ৰাফ স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট সমাজসেবক নাৰায়ণ ভূঞাই । তেখেতে এটি সংস্কৃত শ্লোকেৰে শ্ৰদ্ধা ঞ্জলি জনায় । সৌন্দর্য বৰ্দ্ধনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বুৰঞ্জী ৰ ঘটনা সমূহ আগ্ৰহী হোৱাৰ উপৰত লক্ষ্য ৰাখি বিদ্যা লয়ৰ শিক্ষয়িত্ৰী সন্ধ্যা ৰাণী বেজবৰুৱাই এই বেদী দান দি তেখেতৰ শাহু সুশীলা বালা দেৱীৰ নামত এই বেদী উচ্চৰ্গা কৰে। যি ঠাইত শ্বহীদ বেদী সজোৱা হৈছে সেই ঠাইত মনিৰাম দেৱানৰ স্ম়তি জড়িত হৈ আছে বুলি জনা যায়।সন্ধ্যা ৰাণী বেজবৰুৱাই শিক্ষকতাৰ উপৰিও বহু অনুষ্ঠানৰ লগত জড়িত হৈ সমাজৰ কাম কৰি আছে। তেখেতে ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন পুৰস্কাৰ পাবলৈও সক্ষম হৈছিল। নিজৰ শাহুৰ নামত বেদীটো উৰ্চগা কৰিও সমাজত এক আদৰ্শ দেখুৱাইছে। অনুষ্ঠানৰ আঁত ধৰে শিক্ষয়িত্ৰী অৰুন্ধতী দেৱীয়ে। বিদ্যা লয়ৰ অধ্যক্ষ প্ৰাঞ্জল শৰ্মা, শিক্ষয়িত্ৰী নিৰু শইকীয়া,ছাত্ৰী নফিচা খাতুনে একাষাৰ কয়। ছাত্ৰ-ছাত্ৰী,শিক্ষক -শিক্ষয়িত্ৰীৰ উপৰিও ৮ নং ৱাৰ্ডৰ পৌৰ সদস্যা কাবেৰী দত্তও উপস্থিত থাকে।

11/08/2023

প্ৰাক্তন ছাত্ৰৰ দ্বাৰা পাঠ দান

Want your business to be the top-listed Media Company in Jorhat?
Click here to claim your Sponsored Listing.

Category

Address


Jorhat