Team Humanity
20/04/2026
*লেখা বিচাৰি আহ্বান*
টিম হিউমেনিটিৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত তেজপুৰ অধিৱেশনৰ বাবে বাৰ্ষিক মুখপত্ৰ **“ #তেজ”**ৰ বাবে লেখা বিচাৰি আহ্বান জনালোঁ।
লেখাসমূহ ৰক্ত/ৰক্তদান, স্বাস্থ্য, বা সামাজিক দায়বদ্ধতা বিষয়ৰ ওপৰত হোৱাটো আৱশ্যক। টিম হিউমেনিটিৰ সকলো সদস্য আৰু শুভাকাঙ্ক্ষীসকলক তেওঁলোকৰ মূল্যবান লিখনি পঠিয়াবৰ বাবে সাদৰ অনুৰোধ জনালোঁ।
আপোনালোকৰ লেখা তলত দিয়া Gmail ID বা WhatsApp নম্বৰলৈ পঠিয়াব পাৰে —
📧 [email protected]
📱 7399983404 (Jishu Hazarika)
অথবা
📧 [email protected]
📱 8404040829 (Bibhamoni Das)
সকলোকে অংশগ্ৰহণৰ বাবে আন্তৰিক আহ্বান!
— টিম হিউমেনিটি, শোণিতপুৰ শাখা
টিম হিওমেনিটীৰ হৈ যোৱা নৱম বৰ্ষপুৰ্তি অনুষ্ঠান,23 নবেম্বৰ 2024(গোৱালপাৰা)ৰ মাজতে হোৱা এক অন্তৰংগ আলোচনাৰ মাধ্যমেৰে গোৱালপাৰা জিলা সমিতিৰ প্ৰাক্তন সভাপতি আনিমূল হক চৌধুৰীৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ,সকলো পক্ষই হৈ যোৱা ভুল ত্ৰুটি বোৰ পাহৰি ,তেখেতৰ ওপৰত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ বাতিল কৰা হল । হক মহোদয়ক আমাৰ মাজলৈ পুনৰ আন্তৰিক স্বাগতম জনালোঁ 🙏
প্ৰতি,
সভাপতি/সম্পাদক
জিলা সমিতি(প্ৰত্যেকখন),টিম হিওমেনিটি
নমস্কাৰ গ্ৰহণ কৰিব,বিশেষ কাৰণত এই সংবাদ প্ৰেৰণ কৰা হৈছে।আপুনালোক সকলোৰে জ্ঞাত,আগন্তুক 23 নবেম্বৰ 2024 তৰিখে গোৱালপাৰা অধিবেশন অনুস্থিত হব।অনুষ্ঠান ভাগ অনুস্থিত কৰাৰ বাবে আয়োজক সমিতি যথেষ্ঠ অৰ্থৰ অভাৱত পৰিছে।গতিকে জিলা সমিতি সমূহে যৎপৰোনাস্তি কিছু অৰ্থ বা সামগ্ৰীৰে তেখেত সকলক সহায় কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ।
ধন্যবাদেৰে.........
প্ৰাঞ্জল দত্ত
সভাপতি, কেন্দ্ৰীয় সমিতি
টিম হিওমেনিটি
03/11/2024
টিম হিওমেনিটিৰ নিয়মীয়া ৰক্তদাতা ,সমাজকৰ্মী গড়মূৰ পি. ডি.জি.কলেজৰ অধ্যাপক পৰাগ কলিতা দেৱ আজি ইহলোকৰ পৰা অনন্ত ধামলৈ গতি কৰে।আমি টিম হিওমেনিটিৰ হৈ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
22/10/2024
শ্ৰদ্ধাৰ ৰক্তদাতা, সদস্য, সদস্যা আৰু শুভাকাংখি বৃন্দ
আপোনালোক সকলোৰে জ্ঞাত যে,অহা 23নবেম্বৰ 2024ত আমাৰ সকলোৰে অতি আদৰৰ টিম হিওমেনিটীৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত অনুস্থিত হব।
আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজ, ৰক্তদাতা তথা সদস্য সকলক এই গোহাৰিৰ জৰিয়তে উক্ত সমাৰোহলৈ নিমন্ত্ৰণ জনালোঁ।
লগতে আৰু এটি গোহাৰি জনাও যে....সমাৰোহখনি সূচাৰুৰূপে অনুস্থিত কৰিবৰ বাবে এক মোটা সংখ্যক ধনৰ প্ৰয়োজন হোৱাৰ কথা আমাক আয়োজক সমিতিৰ তৰফৰ পৰা অৱগত কৰিছে।আমি এটি বাহিৰৰ পৰা কোনো ধৰণৰ ধন সংগ্ৰহ নকৰি আমাৰ নিজৰ মাজতে কম বেছি পৰিমাণে অৰ্থ আৰু সামগ্ৰী সংগ্ৰহ কৰি অনুষ্ঠান অনুস্থিত কৰা সংগঠন।গতিকে সকলো সদাশয় সদস্যকে অনুৰোধ জনাও যে আপোনালোকে আপোনালোকৰ সামৰ্থ্য অনুযায়ী অনুদান আগবঢ়াই আগন্তুক অনুষ্ঠান ভাগি সূচাৰুৰূপে অনুস্থিত কৰাত সহযোগ কৰিব।
এয়ে আপোনাসবৰ ওচৰত সৰল গোহাৰি।
ধন্যবাদেৰে
প্ৰাঞ্জল দত্ত দিব্যজ্যোতি কলিতা
সভাপতি সম্পাদক
টিম হিওমেনিটী
কেন্দ্ৰীয় সমিতি
বি: দ্র:- লগত আমাৰ একাউণ্ট নম্বৰ দিয়া আছে। online দিয়া সকলে লগত দিয়া কিওৱাৰ কোডত দিব পাৰিব।অনুদান দিয়াৰ স্ক্ৰীনস্বত দিব।
জৰুৰী ভাবে গুৱাহাটিত 2 unit তেজৰ প্ৰয়োজন হৈছে । অনুগ্ৰহ কৰি কোনোবা সদাশয় ব্যক্তি ওলাব নেকি
Click here to claim your Sponsored Listing.
Category
Contact the practice
Telephone
Website
Address
Jorhat _Assam_
Jorhat
785001