ASRLM Jorhat
08/01/2025
শ্ৰদ্ধাভাজনেষু
পোনপ্ৰথমে আপোনালোক সকলোলৈ আগন্তুক অসমীয়া বাপতি সাহোন ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, যোৰহাট জিলা অভিযান পৰিচালনা শাখাৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত অহা ইং ৯,১০ আৰু ১১ জানুৱাৰী ২০২৫ তাৰিখে যোৰহাট জিলা ক্ৰিড়া খেলপথাৰ পাংগণত *অসমী ভোগালী* *মেলাৰ* আয়োজন কৰা হৈছে । উক্ত মেলাত আত্মসহায়ক গোটৰ দ্রাৰা উৎপাদিত বস্ত্ৰ শিল্প, হস্ত শিল্প, থলুৱা পিঠাপনা তথা বিভিন্ন জনজাতীয় খাদ্যৰ এক মেট মৰা সম্ভাৰ উপলব্ধ হব। উক্ত মেলালৈ আপোনালোক সকলোকে নিমন্ত্ৰন জনালোঁ।
আপোনালোকৰ সহায় সহযোগিতাৰে আমাৰ এই অসমী ভোগালী মেলা খন সাফল্যমণ্ডিত কৰিব বুলি আমি আশাবাদী 🙏🙏🙏
01/08/2024
এজোপা গছ মাৰ নামত🌱
ৰাজ্যত আজিৰে পৰা আৰম্ভ হল অমৃত বৃক্ষ আন্দোলন ২.০ ৰ বৃক্ষ ৰূপন কাৰ্য্যসূচী। এখনি সেউজ ধৰণি গঢ়াৰ দিশত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশ মৰ্মে , অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান, যোৰহাট জিলাৰ অন্তৰ্গত ৬টা উন্নয়ন খণ্ডৰ অধীনত ১২২৮৩২ গৰাকী মহিলাই প্ৰতিগৰাকীয়ে ৬টাকৈ পুলি ৰোৱাৰ লক্ষ্য বান্ধি লৈছে। ১ আগষ্ট ২০২৪ পৰা ২০ আগষ্ট ২০২৪ লৈ অমৃত বৃক্ষ আন্দোলনৰ গছ পুলি ৰূপায়ন কাৰ্য অব্যাহত থাকিব।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অধীনৰ প্ৰেৰণা আত্মসহায়ক গোটৰ সদস্যা লাখপতি মহিলা শ্ৰী যুতা জুৰি ঠাকুৰ বাইদেউৰ কথাৰে
#ময়ো_লাখপতি
Click here to claim your Sponsored Listing.
Category
Contact the organization
Website
Address
Bhogdoi Complex
Jorhat
785001