Axom Update 24
11/03/2026
মোবাইল ফোনৰ প্ৰিপেইড ৰিচাৰ্জ ব্যৱস্থাক লৈ সংসদত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে Raghav Chadha-এ। তেখেতে কয় যে ২৮ দিনীয়া ৰিচাৰ্জ প্লেন গ্ৰাহকসকলৰ বাবে এক ধৰণৰ অন্যায় ব্যৱস্থা।
সংসদত বক্তব্য ৰাখি তেখেতে কয় যে বছৰত মাত্ৰ ১২ মাহ থাকিলেও ২৮ দিনীয়া ৰিচাৰ্জ প্লেনৰ বাবে গ্ৰাহকসকলে বছৰত প্ৰায় ১৩ বাৰ ৰিচাৰ্জ কৰিবলগীয়া হয়। তেখেতৰ মতে এই ব্যৱস্থাই প্ৰিপেইড গ্ৰাহকসকলৰ ওপৰত অতিৰিক্ত আৰ্থিক চাপ পেলাইছে।
তেখেতে আৰু কয় যে ৰিচাৰ্জ শেষ হ’লে আউটগোয়িং কল বন্ধ কৰা যুক্তিযুক্ত হ’ব পাৰে, কিন্তু ইনকামিং কল বন্ধ কৰি দিয়াটো গ্ৰাহকৰ বাবে অন্যায়। এই ক্ষেত্ৰত টেলিকম কোম্পানীসমূহে অধিক ন্যায়সঙ্গত নীতি গ্ৰহণ কৰিব লাগে বুলি তেখেতে উল্লেখ কৰে।
Chadha-ৰ মতে মোবাইল ৰিচাৰ্জ প্লেনসমূহ কেলেণ্ডাৰ মাহৰ ভিত্তিত হ’ব লাগে যাতে গ্ৰাহকসকলে বছৰত মাত্ৰ ১২ বাৰহে ৰিচাৰ্জ কৰিবলগীয়া হয়।
👉এই বিষয়টোৰ ওপৰত আপোনাৰ মতামত কি জনাব পাৰে।
10/03/2026
📢 LP & UP Teacher Recruitment – District Wise Final Cut-off List Out
10/03/2026
আগন্তুক হব লগা ৪৫০০ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তি পত্ৰ সমূহ অহা ১২ মাৰ্চ ২০২৬ তাৰিখে প্ৰদান কৰা হব।
10/03/2026
আজি অসমৰ জনপ্ৰিয় সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী দেৱৰ জন্মদিন উপলক্ষে তেখেতলৈ জনালো আন্তৰিক শুভেচ্ছা।
আগন্তুক হব লগা শিক্ষা বিভাগৰ ৪৫০০ টা প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তি সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কলে শুনক👉
09/03/2026
ঐতিহাসিক চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক অকালতে হেৰুৱাই, শিল্পীজনৰ প্ৰতি সন্মান জনাই কেৱল পতাকা উত্তোলন কাৰ্যসূচীৰে বিহু সন্মিলন খনিৰ আনুষ্ঠানিক ধাৰাবাহিকতা ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছে।
09/03/2026
🌞 সুপ্ৰভাত অসমবাসী।
আপোনালোকৰ আজিৰ দিনটো সুখ আৰু সফলতাৰে ভৰি উঠক।
👉Follow কৰক Axom Update 24 অধিক খবৰ আৰু update ৰ বাবে।🙏
08/03/2026
"আন্তৰ্জাতিক নাৰী দিৱস"ৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 🌸
07/03/2026
বড়ো সাহিত্য সভা: অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান।
📌. বড়ো সাহিত্য সভা গঠন হয়: ১৯৫২ চনৰ ১৬ নৱেম্বৰত।
📌. বড়ো সাহিত্য সভাৰ প্রধান উদ্দেশ্য: বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে কাম কৰা।
📌. বড়ো সাহিত্য সভাৰ প্রথম সভাপতি: জয়ভদ্র হাগজেৰ।
📌. বড়ো সাহিত্য সভাৰ প্রথম সম্পাদক: সোণাৰাম থাউছেন।
📌. বড়ো সাহিত্য সভাৰ মুখপত্রখনৰ নাম: 'বড়ো'।
📌. মুখপত্র 'বড়ো' প্রকাশ হয়: ১৯৫৫ চনৰ পৰা ।
📌. তাৰ আগতে 'কছাৰী' নামেৰে প্ৰকাশিত হৈছিল।
📌. বড়ো সাহিত্য সভাৰ এটি প্রকাশন পৰিষদ আছে। বর্তমানলৈকে প্রায় ১০০ খন বড়ো ভাষাৰ পাঠ্যপুথি, কবিতা পুথি, ছুটিগল্প, উপন্যাস আদি প্রকাশ কৰিছে।
📌. বড়ো সাহিত্য সভাৰ মুখ্য কার্যালয়: কোকৰাঝাৰত অৱস্থিত।
📌. শাখা কার্যালয়: গুৱাহাটীত ইয়াৰ এটা শাখা কাৰ্যালয় আছে।
➡️প্ৰয়োজনীয় বুলি ভাবিলে Share কৰিব।🙏
04/03/2026
ইৰানৰ বৈদেশিক মন্ত্ৰী চেয়েদ আব্বাস আৰাঘচীয়ে শেহতীয়াকৈ এখন ছবি প্ৰকাশ কৰি দাবী কৰিছে যে মার্কিন যুক্তৰাষ্ট্ৰ-ইজৰাইলৰ আক্ৰমণত নিহত ১৬০ গৰাকী কন্যালৈ সমাধি খনন কৰা হৈছে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এই ছবিখনত শাৰী শাৰী সমাধিস্থল খনন কৰা দেখা গৈছে, যাৰ ফলত ঘটনাটোক লৈ বিশ্বজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
মন্ত্ৰী আৰাঘচীয়ে কয় যে এই কন্যাশিশুসকল এখন প্ৰাথমিক বিদ্যালয়ত হোৱা বোমা বিস্ফোৰণত নিহত হয়। তেওঁৰ ভাষ্য অনুসাৰে, “এইসকল নিৰ্দোষ কন্যালোকৰ দেহ টুকুৰা-টুকুৰ কৰা হৈছিল” । তেওঁ লগতে গাজা পৰা মিনাবলৈ নিৰ্দোষ লোকসকলৰ ওপৰত নিৰ্মম আক্ৰমণ চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰে।
এই ঘটনাক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত ইতিমধ্যে উত্তেজনা বৃদ্ধি পাইছে। বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনে ঘটনাটোৰ বিষয়ে চিন্তা প্ৰকাশ কৰিছে আৰু স্বচ্ছ তদন্তৰ দাবী জনাইছে। আনহাতে, এই অভিযোগ সন্দৰ্ভত সংশ্লিষ্ট পক্ষৰ পৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়াও স্পষ্ট হোৱা নাই।
Click here to claim your Sponsored Listing.
Category
Website
Address
Gauhati
787001