CITU ASSAM

CITU ASSAM

Share

17/05/2026

পাৱাৰগ্ৰীড এমপ্লয়ীজ ইউনিয়ন (NER) ৰ ১৫ সংখ্যক দ্বিবাৰ্ষিক সন্মিলনত উপস্থিত থাকি চি আই টি ইউ ৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মাৰ বক্তব্য।

13/05/2026

বান্ধৈ তুমি নুবুজা কিয়
হেৰুৱাবলৈ আছেইবা কি
পাবলৈ আছে সমস্ত কিছু
শ্ৰম বেচিও খাব নুকুলাই
মজুৰিও চান কাঢ়ি খায়
হিমুৱে এনেই কোৱা নাই
চামুচেৰে দি বেলচা মাৰি নেই
শ্ৰমিক বান্ধৈ বুজিবানে তুমি
নিজৰ শকতি আহিবানে ওলায়
গোলাম হ'বলৈ আৰু বাকী নাই
✍️ হিতেশ দাস
১৪-০৫-২০২৬

02/05/2026

♦️ বাণিজ্যিক ৰন্ধন গেছ ছিলিণ্ডাৰৰ বৰ্ধিত দাম অতিশীঘ্ৰে উঠাই লওক: চি আই টি ইউ
গুৱাহাটী,২ মে',২০২৬ঃ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে বাণিজ্যিক ৰন্ধন গেছৰ দাম ৯৯৪ টকা বৃদ্ধি কৰা কাৰ্যক চি আই টি ইউৰ ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ জনায়। চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদকে এই প্ৰেছ বিবৃতি যোগে সংবাদ মাধ্যমক জনায় যে দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে বাণিজ্যিক ৰন্ধন গেছ ছিলিণ্ডাৰৰ দাম প্ৰায় ১০০০ টকা বৃদ্ধি কৰাটো অভূতপূৰ্ব আৰু আশ্বৰ্যজনক। আজিৰ সময়ত এখন চাহ দোকান বা হোটেল-ৰেষ্ট্ৰোৰেণ্টৰ মালিকসকলে বাণিজ্যিক গেছ ছিলিণ্ডাৰ ৩২৯৩ টকাত ক্ৰয় কৰিব লাগিব। যিয়ে সাধাৰণ ভাৱে চলি থকা চাহ দোকান বা হোটেল-ৰেষ্ট্ৰোৰেণ্টৰ মালিকক শলঠেকত পেলাব।
একেদৰে পেট্ৰলিয়ামজাত অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ পৰিকল্পনা চৰকাৰে লৈছে বুলি প্ৰকাশ পাইছে। বিজেপি চৰকাৰখনে এফালে হিতাধিকাৰী সৃষ্টি কৰি আঁচনি গ্ৰহণ কৰিছে আনফালে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি সাধাৰণ জনতাক হাজাৰ হাজাৰ টকা লুণ্ঠন কৰাৰ সুযোগ দিছে ধনীক শ্ৰেণীক। আনহাতে চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে যেটিয়াই মানুহ ঐক্যবদ্ধ হ'ব ধৰে তেতিয়াই শাসকীয় দল আৰু চৰকাৰে জনতাৰ মাজত ধৰ্মৰ নামত ভাগ ভাগ কৰাৰ বাবে নিৰ্লজ্জ ষড়যন্ত্ৰ কৰে। সাধাৰণ ৰাইজে চৰকাৰৰ এই ষড়যন্ত্ৰ প্ৰত্যক্ষ কৰি আহিছে।
চি আই টি ইউ ৰাজ্যিক কমিটিয়ে চৰকাৰৰ দ্বাৰা সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধোৱা নীতি ৰ প্ৰতিবাদ জনায় আৰু ৰাজ্যখনৰ সকলো অংশৰ শ্ৰমিক-কৰ্মচাৰী-কৃষক-ছাত্ৰ-যুৱ-মহিলাকে ঐক্যবদ্ধ আন্দোলনৰ বাবে ৰাজপথলৈ অহাৰ আহ্বান জনায়।

Want your organization to be the top-listed Non Profit Organization in Gauhati?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Chandmari, Colony
Gauhati
781003