Assam Rising With Bharat - ARWB

Assam Rising With Bharat - ARWB

Share

12/03/2026

জানিবলগীয়া কথা:

আমি সকলোৱে আমেৰিকা-ইজৰাইল-ইৰাণ-বাকী দেশসমূহৰ মাজত হৈ থকা যুদ্ধৰ বিষয়ে গম পাইছো ! ভাৰতৰ বিভিন্ন নিউজ চেনেলত বিভিন্ন ধৰণে কথা বিলাক উপস্থাপন কৰে ! ইয়াৰ উপৰিওঁ বিভিন্ন বক্তাই টিভি শ্ব` বোৰত হোৱাই-নোহোৱাই কিবা-কিবি কৈ থাকে !

মধ্য-প্ৰাচ্য (Middle-East) তথা Gulf ৰ দেশসমূহৰ বিষয়ে আজি সকলোৱে বিতং ভাবে জানো আহক:

১) মধ্য-প্ৰাচ্য বুলিলে বহুত ডাঙৰ এৰিয়া এটাৰ কথা বুজোৱা হয় ! Gulf ৰ দেশসমূহ এই মধ্য-প্ৰাচ্যৰ ভিতৰতেই পৰে ! ভাৰতৰ মেইন সম্পৰ্ক থকা Gulf ৰ দেশসমূহ হৈছে: চৌডি আৰৱ, ইউ এ ই, কুৱেইট, কাটাৰ, বাহৰেইন আৰু ওমান ! এই ৬ খন দেশ মিলি এটা গ্ৰুপ হয় আৰু এই গ্ৰুপক Gulf Cooperation Council (GCC) বা চমুকৈ Gulf Countries বুলিওঁ কোৱা হয় !

২) এই ৬ খন দেশ Persian Gulf নামৰ সাগৰ খনৰ কাষতে লাগি আছে !

৩) গোটেই বিশ্বতে বৰ্তমান দৰকাৰ হোৱা খাৰুৱা তেলৰ ২৪% প্ৰডাকচন এই ৬ খন দেশত হয় আৰু বিশ্বত দৰকাৰ হোৱা ৰন্ধন গেছৰ প্ৰায় ১৫% এই এৰিয়াত প্ৰডাকচন হয় ! ভাৰতত দৰকাৰ হোৱা তেল আৰু ৰন্ধন গেছৰ ৫০-৬০% পৰ্য্যন্ত এই ৬ খন দেশৰ পৰা আমদানি কৰে ! ভাৰতৰ পৰা ওচৰতে থকা বাবে সাগৰৰ মাজেৰে Transportation বাবেওঁ সুবিধা হয় বা কম দামতে Transportation কৰিব পাৰি !

৪) এই ৬ খন দেশৰ জনসংখ্যা প্ৰায় ৬.২ কোটি, ইয়াৰে ৩.৫ কোটিয়েই বাহিৰৰ দেশৰ নাগৰিক ! চাকৰি বা ব্যৱসায়ৰ বাবে বিশ্বৰ প্ৰায় ১৯০ খন দেশৰ নাগৰিক ইয়াতে থাকে ! ভাৰতৰ পৰা মুঠ প্ৰায় ১ কোটি লোকে ইয়াতে বসবাস কৰে ! অতীজৰে পৰাই ভাৰত আৰু এই Gulf countries ৰ মাজত ভাল সম্পৰ্ক ! ভাৰতৰ বিজেপি চৰকাৰৰ বিষয়ববীয়া তথা প্ৰধান-মন্ত্ৰী ডাঙৰীয়াওঁ এই ৬ খন দেশলৈ আহিয়েই থাকে আৰু ইয়াৰে শাসক সকলৰ লগত মিটিং কৰে তথা একেলগে বহি ভোজ-ভাত খাই !

৫) ইয়াতে বাহিৰৰ দেশৰ লোকে নাগৰিকত্ব নাপাই, আপুনি ৩০-৪০ বছৰ ইয়াতে বসবাস কৰিলেওঁ নাগৰিকত্ব নাপাই ! ইয়াতে Resident Permit লৈ থাকিব পাৰে, আৰু এই Resident Permit ২-৩ বছৰৰ মূৰে মূৰে ৰিনিউ কৰিব পাৰে !

৬) এই দেশ সমূহত বাহিৰৰ কোনো লোকেই জবৰদস্তি আহি থাকিব নোৱাৰে, বা অবৈধভাবে মাটি বেদখল কৰিব নোৱাৰে ! এই দেশসমূহত Crime Rate বহুত কম, কাৰণ ইয়াতে নিয়ম-কানুন-আইন বহুত Strict হয় !

৭) ইয়াতে থকা প্ৰায় ১ কোটি ভাৰতীয়ই ইয়াতে ইনকাম কৰি ভালকৈ থাকি বছৰি প্ৰতি বছৰে বহু কোটি টকা ভাৰতত থকা নিজৰ বেংক একাউন্টলৈ পঠিয়াই ! ৰিপৰ্ট মতে ২০২৪-২৫ বৰ্ষত এই ৬ খন Gulf ৰ দেশৰ পৰা প্ৰায় ৫ লাখ কোটি টকা ভাৰতীয় সকলে ভাৰতলৈ পঠিয়াইছে ! এই টকাই ভাৰতৰ ইকনমিত যথেষ্ট সহায় কৰে ! ২০২৪-২৫ বৰ্ষত ভাৰতৰ Defence Budget ৬.২ লাখ কোটি টকা আছিল ! যদি তুলনা কৰো, তেন্তে ২০২৪-২৫ বৰ্ষত ভাৰতৰ বছৰেকীয়া Defence Budget ৰ ৮০% ধনেই ভাৰতীয় সকলে Gulf দেশ সমূহৰ পৰা পঠিয়াইছে !

৮) ইয়াতে আপোনাৰ ইনকামৰ ওপৰত কোনো ইনকাম টেক্স লোৱা নহয়, লগতে বেংকৰ পৰা অতি কম ইন্টাৰেষ্টত বিভিন্ন ধৰণৰ লোন লব পাৰি ! বহু কেইটা ভাৰতীয় বেংকৰ ইয়াতে Branch আছে !

৯) বৰ্তমান হৈ থকা যুদ্ধত ইৰাণে এই ৬ খন ইচলামিক দেশৰ ওপৰত মিচাইল আৰু ড্ৰোণেৰে আক্ৰমণ কৰি আছে ! এওঁলোকেওঁ সেই মিচাইল বোৰৰ ৯০-৯৫% আকাশতেই ধ্বংস কৰি দিছে, দুই-এটাহে দেশৰ ভিতৰত পৰিছে ! এই দেশ সমূহে এতিয়া ইৰাণক warning দিছে যাতে ইৰাণে এই ৬ খন দেশৰ ওপৰত আৰু মিচাইল আক্ৰমণ নকৰে, নহ`লে সকলোৱে মিলি ইৰাণক বৰবাদ কৰিবলৈ বেছি সময় নালাগে !

১০) ইৰাণে Persian Gulf নামৰ সাগৰত থকা Starit of Hormuz নামৰ ঠাইখিনি বৰ্তমান বন্ধ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে, যাৰ ফলত এই ৬ খন দেশৰ পৰা খাৰুৱা তেল তথা ৰন্ধন গেছ বাহিৰৰ দেশলৈ ৰপ্তানি কৰিবলৈ অসুবিধা হৈছে ! এই কাৰণেই ভাৰতত এতিয়া ৰন্ধন গেছৰ নাটনি হৈছে ! ভাৰতলৈ Gulf ৰ দেশৰ পৰা এসপ্তাহ ৰন্ধন গেছ নাহিলেই ভাৰতৰ অৱস্থা বহু বেয়া হৈ যায় দেখোন 😁, ভাৰতৰ বিভিন্ন নেচনেল নিউজ চেনেলে বহু ৰাজ্যত ৰন্ধন-গেছৰ নাটনি হৈছে বুলি ভিডিওঁ সহ প্ৰকাশ কৰিছে !

লাচিত ডেকা
ডুবাই, ইউ এ ই
১২ মাৰ্চ, ২০২৬

WEEKEND ROAST 01 - 3rd Jan, 2026 (6pm Dubai time) 03/01/2026

LIVE NOW

WEEKEND ROAST 01 - 3rd Jan, 2026 (6pm Dubai time) Please check "CHAT Box" and click the right option.You may comment as well.travel, adventure, holidays, vacation, dubai, abu dhabi, youtube, alaska, arctic, ...

26/12/2025

আৰৱত মৰুভূমিৰ মাজত প্ৰথমে ৰাস্তা হেৰুৱালো, Overnight Camping কৰিলো, Barbecue কৰিলো, ৰাতিপুঁৱা সাগৰত মাছ ধৰিবলৈ চেষ্টা কৰিলো 😉

Watch Full Video at this Link:

https://youtu.be/5vLnP4uqdXY?si=1xDE3dRTbbc1gpl0

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Website

Address


Gauhati