Duliajan Coaching Center

Duliajan  Coaching  Center

Share

19/04/2025

#উচ্চ_ব্যক্তিত্বৰ_গুণ
১) কোনোবাই আপোনাৰ ফোন নুঠালে দুবাৰতকৈ অধিক কেতিয়াও একে সময়তে ফোন নকৰিব। সেই সময়ত তেওঁ হয়তো কোনো গুৰুত্বপূৰ্ণ কামত ব্যস্ত হৈ থাকিব পাৰে।

২) ধাৰে লোৱা টকা সময়তকৈ আগতে ঘুৰাই দিবলৈ চেষ্টা কৰক‌। যদিও আপোনাক ধাৰ দিয়াজনৰ মনত নাই বা বিচৰা নাই তথাপিও ঘুৰাই দিয়ক। ই আপোনাৰ চৰিত্ৰৰ ভাল দিশটোৰ প্ৰতিফলন ঘটাব। কিছুমান মানুহে সৰু সৰু বস্তু যেনে ছাতি,কিতাপ আদি আনিও সময়ত ঘুৰাই নিদিয়ে।

৩) কোনোবাই আপোনাক হোটেল বা ৰেষ্টুৰেন্টত খোৱাব বিচাৰিলে বেছি মূল্যৰ আহাৰ নাখাব। পাৰিলে যিজনে খোৱাব তেওঁৰ পছন্দ অনুযায়ী খাওঁক। দ্বিতীয়বাৰ তেওঁক আপুনি খুৱাবলৈ চেষ্টা কৰিব।

৪) কিছুমান প্ৰশ্ন পাৰিলে এৰাই চলিব। এই ধৰক বিয়া পাতিলেনে? আপোনাৰ ল'ৰা ছোৱালী আছেনে? ঘৰ কিয় বনোৱা নাই ? গাড়ী কিয় কিনা নাই ? বেলেগৰ বিষয়ে এইবোৰ আপুনি জানি একো কৰিব নোৱাৰে গতিকে আপোনাৰ সোধাৰ কোনো প্ৰয়োজন নাই।

৫) আপোনাৰ লগত অহা ব্যক্তিজনৰ বাবে দুৱাৰখন আপুনি খুলি দিবলৈ চেষ্টা কৰক ই আপোনাক সৰু নকৰে বৰঞ্চ আনজনৰ মনত আপোনাৰ প্ৰতি এটা ভাল ভাব উদয় কৰে।

৬) যদি ক'ৰবাত টেক্সী ভাৰা লৈ ফুৰিব গৈছে আৰু আপোনাৰ বন্ধুয়ে সেই ভাৰা দিছে তেন্তে দ্বিতীয় বাৰ ফুৰিবলৈ যাওঁতে আপুনি দিবলৈ চেষ্টা কৰিব।

৭) সকলোৰে মতামতক সন্মান জনাবলৈ শিকা উচিত। ইংৰাজী 9 সংখ্যাটো বিপৰীত দিশৰ পৰা 6 দেখা যায়।

৮) কোনোবাই কৈ থাকোঁতে মাজতে মাত নামাতিব। প্ৰথমে সম্পূৰ্ণকৈ শুনি লওঁক। এষাৰ কথা আছে সকলো শুনাৰ পিছত নিজৰ প্ৰয়োজনীয়খিনি গ্ৰহন কৰি বাকীখিনি পাহৰি যাব লাগে।

৯) যদি আপুনি কাৰোবাৰ সৈতে ধেমালি কৰিছে কিন্তু ধেমালি কৰাজনে সেই ধেমালিত সহযোগিতা কৰা নাই তেন্তে দ্বিতীয়বাৰ তেওঁৰ লগত ধেমালি নকৰিব।

১০) কোনোবাই আপোনাক সহায় কৰিলে ধন্যবাদ জনাবলৈ পাহৰিব নালাগে।

১১) ৰাজহুৱা ভাবে প্ৰশংসা কৰিব লাগে আৰু সমালোচনা ব্যক্তিগত ভাবে মনে মনে কৰিব লাগে।

১২) মানুহ শকত বা ক্ষীণ হ'ব পাৰে। সেইটোৱে আপোনাৰ কোনো ক্ষয় ক্ষতি নকৰে গতিকে সেই বিষয়ে আপুনি তেওঁক ক'ব লগীয়া একো নাই। পাৰিলে ভাল লাগিছে বুলি কওঁক। যদি কোনোবাই নিজে শকত বা ক্ষীণ হোৱাৰ পৰা নিজকে কেনেদৰে পৰিত্ৰাণ পাব পাৰে তাৰ বিষয়ে আপোনাৰ লগত কথা পাতিব বিচাৰিছে তেতিয়া পাতক।

১৩) কোনোবাই আপোনাক তেওঁলোকৰ ফোনত যদি কিবা ফটো দেখুৱাই তেন্তে আপুনি ফোনটোৰ সেই ফটোখনৰ সোঁফালে বা বাওঁফালে বেলেগ ফটো চাবলৈ চেষ্টা নকৰিব। আপুনি নাজানে তাত কি আছে।

১৪) কোনোবাই যদি চিকিৎসকৰ ওচৰলৈ যাওঁ বুলি কয় তেন্ত বেছি প্ৰশ্ন সুধি তেওঁক ব্যতিব্যস্ত নকৰিব। তেওঁ নিজৰ সকলো ৰোগৰ কথা বেলেগক ক'ব নিবিচাৰিবও পাৰে। তেনে পৰিস্থিতিত তেওঁৰ সোনকালে আৰোগ্য কামনা কৰিব।

১৫) অফিচৰ সকলোকে সমান দৃষ্টিৰে সম ব্যৱহাৰ কৰিব । আপোনাৰ বেয়া ব্যৱহাৰত কোনো সন্তুষ্ট নহয়। বৰঞ্চ সকলোৰে লগত ভাল ব্যৱহাৰে আপোনাক সকলোৰে প্ৰিয় কৰি তুলিব।

১৬) কোনোবাই আপোনাৰ লগত কথা পাতি থাকোঁতে ফোনটোলৈ চাই নাথাকিব।

১৭) আপোনাৰ পৰা পৰামৰ্শ নিবিচৰালৈকে কোনো ধৰণৰ পৰামৰ্শ কাকো নিদিব।

১৮) কেতিয়াও কাকো তেওঁলোকৰ দৰমহা আৰু বয়সৰ কথা নুসুধিব।

১৯) সদায় নিজৰ কামত গুৰুত্ব দিয়ক। অপ্ৰয়োজনত বেলেগৰ কাম বা কথাত সোমাব নালাগে।

২২)কোনো লোকৰ লগত কথা পাতোঁতে যদি আপুনি চান গ্লাছ পিন্ধি আছে তেন্তে সেয়া খুলি লৈ কথা পাতক।

২১) দুখীয়া মানুহৰ ওচৰত আপোনাৰ টকা পইছা বা সা-সম্পত্তিৰ কথা কৈ গৰ্ব নকৰিব। ঠিক একেদৰে যাৰ ল'ৰা ছোৱালী নাই তেওঁলোকৰ ওচৰত নিজৰ ল'ৰা ছোৱালীৰ কথা নাপাতিব।

২২) এটা ভাল বাৰ্তা পঢ়িলে ধন্যবাদ জনাবলৈ শিকক। প্ৰশংসাই সকলোতকৈ সহজে আপোনাক বন্ধুসকলৰ মাজত জনপ্ৰিয় কৰি তুলিব

Want your school to be the top-listed School/college in Duliajan?
Click here to claim your Sponsored Listing.

Category

Website

Address


OIL Township
Duliajan
786602