Rupesh Gowala

Rupesh Gowala

Share

02/05/2026

অসমত কি আছে বুলি যদি কোনোবাই আপোনাক প্ৰশ্ন কৰে তেতিয়াহ'লে দেখুৱাই দিব এই ভিডিঅ'টো…

আকাশৰ নীলা আৰু চাহৰ সেউজীয়া সামৰি আমাৰ যাত্ৰা আৰম্ভ হয়…

Photos from Rupesh Gowala's post 02/05/2026

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯২.৮% নম্বৰ লাভ কৰি প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাক সকলোকে গৌৰৱান্বিত কৰি তুলিছে কুমচাং চাহ বাগিচাৰ ৫ নং লাইনৰ নিবাসী শ্ৰী অমিত বৰাইকৰ জ্যেষ্ঠ কন্যা তথা ডুমডুমা মহাবিদ্যালয়ৰ কলা শাখাৰ ছাত্ৰী শ্ৰী ববী বৰাইকে।

আজি তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰীগৰাকীক এখনি ফুলাম গামোচাৰে অভ্যৰ্থনা জনাওঁ আৰু আগন্তুক দিনৰ বাবে শুভকামনা জ্ঞাপন কৰোঁ।

আশা কৰিছোঁ, অনাগত সময়তো ববী বৰাইকে এনেদৰে একাগ্ৰতা আৰু অধ্যৱসায়েৰে অধ্যয়ন কৰি নিজৰ সপোন সাকাৰ কৰিব তথা এগৰাকী সচেতন নাগৰিক হিচাবে সমাজত নিজকে প্ৰতিষ্ঠা কৰিব।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

02/05/2026

ॐ काशीविश्वनाथाय नमः॥

আমাৰ ধৰ্ম, সভ্যতা তথা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত সদায় সক্ৰিয় মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়া…

হৰ হৰ মহাদেৱ 🔱

02/05/2026

"সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই
প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্ পিত্;
কুকুৰা-ঠেঙ্গীয়া এই আখৰকিটিত
যি অমিয়া ঘহাঁ আছে, ক'তো আৰু নাই।"

অসমীয়া সাহিত্যৰ জগতখনৰ লগতে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ বাবে জীৱনজোৰা অৱদান আগবঢ়াই যোৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামী দেৱক আজি স্মৃতিদিৱসত একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

অপৰিসীম জাতীয়তাবোধৰ পৰিচয় দি আজীৱন অসমীয়া ভাষাৰ ভেটি শক্তিশালী কৰা হেমচন্দ্ৰ গোস্বামী দেৱৰ সমষ্ট জীৱনটোৱেই প্ৰতিগৰাকী অসমীয়াৰ বাবে অনুপ্ৰেৰণাৰ উৎস…

01/05/2026

🙏

Photos from Rupesh Gowala's post 01/05/2026

আজি শ্ৰমিক দিৱসৰ বিশেষ উপলক্ষত ডুমডুমাৰ বৰহাপজানত "উদিত টিভিএছ ডিলাৰ আৰু চাৰ্ভিচ চেণ্টাৰ"ৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

Himanta Biswa Sarma
BJP Assam Pradesh

Photos from Rupesh Gowala's post 01/05/2026

আজি "আন্তৰ্জাতিক শ্ৰমিক দিৱস" উপলক্ষে মাৰ্ঘেৰিটা শাখাৰ সৌজন্যত আৰু পেঙেৰী চাহ বাগিচা ইউনিট কমিটিৰ উদ্যোগত তথা শাখাৰ অন্তৰ্গত সমূহ চাহ শ্ৰমিক ৰাইজৰ সহযোগত আয়োজিত কাৰ্যসূচীভাগত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ।

এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা লক্ষ্য বেধ প্ৰতিযোগিতাৰো শুভাৰম্ভণি কৰোঁ। "শ্ৰমিক দিৱস"ৰ আজিৰ এই বিশেষ ক্ষণত আমাৰ চাহ শ্ৰমিক বন্ধুসকলৰ সৈতে কিছু সময় এনেদৰে অতিবাহিত কৰি সঁচাকৈ মনত প্ৰশান্তি লভিছোঁ। লগতে, তেওঁলোকৰ কৰ্মসম্পাদনৰ ক্ষেত্ৰত থকা উদ্যম, সাহস তথা একাগ্ৰতা দেখি গৌৰৱান্বিত হৈছোঁ।

উক্ত সময়ছোৱাত মোৰ সৈতে ডিগবৈ বিধানসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী শ্ৰী Suren Phukan ডাঙৰীয়া উপস্থিত থাকে।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

01/05/2026

বড়ো সমাজৰ পথিকৃৎ তথা আপোচহীন সংগ্ৰামী সত্তা বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্ম দেৱক মৃত্যুতিথিত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।

যি সময়ত বড়ো জনগোষ্ঠীয় লোকসকলৰ অভাৱ-অভিযোগ আৰু স্ব-অধিকাৰৰ সংগ্ৰামখন আগুৱাই নিবলৈ উপযুক্ত নেতাৰ অভাৱ হৈছিল, ঠিক সেই সময়তে সমস্ত দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিছিল উপেন্দ্ৰ নাথ ব্ৰহ্ম দেৱ।

তেখেতৰ সংগ্ৰামী নেতৃত্ব আৰু জাতি প্ৰেমৰ নিদৰ্শন আমাৰ বাবে অনুপ্ৰেৰণা, সাহস।

01/05/2026

পবিত্ৰ বুদ্ধ পূৰ্ণিমা উপলক্ষে আটাইৰে মংগলাৰ্থে ভগৱান বুদ্ধৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।

সম্যক দৃষ্টি , সম্যক সংকল্প , সম্যক কৰ্ম, সম্যক বাক্য , সম্যক জীৱিকা , সম্যক ব্যায়াম, সম্যক স্মৃতি আৰু সম্যক সমাধি- এই আঠোটা মাৰ্গৰ নিৰ্দেশ প্ৰদানেৰে সমাজত শান্তি প্ৰতিষ্ঠা তথা স্থাপনৰ শিকনি দিয়া ভগৱান বুদ্ধৰ বাণীৰে উদ্বুদ্ধ হৈ আহক আমি সকলোৱে এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়ি তোলো।

01/05/2026

আজি মে' দিৱস অথবা "আন্তৰ্জাতিক শ্ৰমিক দিৱস" ৰ বিশেষ দিনটোত ত্যাগ আৰু পৰিশ্ৰমেৰে কৰ্ম কৰি যোৱা প্ৰতিগৰাকী শ্ৰমিক বন্ধুলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

ৰাজ্যৰ প্ৰগতি সমৃদ্ধশালী কৰি তোলাৰ লগতে দেশৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত প্ৰতিগৰাকী শ্ৰমিকৰ কৰ্মনিষ্ঠা তথা দৃঢ় কৰ্মপৰায়ণতা জড়িত হৈ আছে।

এই শুভক্ষণত আমাৰ চাহ শ্ৰমিক বন্ধুসকললৈও হিয়াভৰা শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁলোকে কৰা নিৰলস প্ৰচেষ্টাৰ ফলত আজি আমাৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ সোণালী ঐতিহ্যই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছে । আমি আটাইৰে ওচৰত আজীৱন কৃতজ্ঞ হৈ ৰ'ম।

চাহ শ্ৰমিক জিন্দাবাদ…
অসম চাহ মজদুৰ সংঘ জিন্দাবাদ…।

30/04/2026

২০১৪ চনৰে পৰা আজি পৰ্যন্ত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াই নাৰী সমাজৰ উত্তৰণকে আদি কৰি আমাৰ দেশৰ সৰ্বস্তৰৰ ৰাইজৰ বিকাশৰ বাবে যি সমূহ প্ৰয়াস কৰিছে সেয়া লেখতল'বলগীয়া।

ইতিবাচক পৰিৱৰ্তন যে এনেকুৱা, ৰাইজে তাৰ প্ৰমাণ পাইছে।

Want your public figure to be the top-listed Public Figure in Doom-Dooma?
Click here to claim your Sponsored Listing.

Category

Address


Doomdooma
Doom-Dooma
786151