RSS ASSAM
12/10/2024
आज, 12 अक्टूबर को विजयदशमी पर राष्ट्रीय स्वयंसेवक संघ 100 वर्ष में प्रवेश कर रहा है हम सब इसके साक्षी बने ।
30/09/2024
ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মাৰ স্মাৰক বক্তৃতানুষ্ঠান
জনতাৰ অনুগ্ৰহতহে নেতা হোৱা উচিত ঃ শংকৰ দাস
ৰঙিয়া,২৯ ছেপ্তেম্বৰঃ "কল্যাণকামী ৰাষ্ট্ৰত অকল চৰকাৰৰ দায়িত্বই নহয়, নাগৰিকৰো দায়িত্ব আছে। আমি অধিকাৰৰ কথা কোৱাত পাকৈত, মৌলিক কৰ্তব্যৰ কথা আমি নাভাৱো।"- এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমূখ শংকৰ দাসৰ। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত দেওবাৰে অনুষ্ঠিত কামৰূপ জিলাৰ প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মাৰ স্মাৰক বক্তৃতানুষ্ঠানত অংশ লৈ বৌদ্ধিক প্ৰমূখ গৰাকীয়ে নাগৰিকৰ কৰ্তব্য শীৰ্ষক আয়োজিত বিষয়ত নাগৰিকসকলৰ দায়িত্ব, ৰাষ্ট্ৰীয় চিন্তা-চেতনাকে ধৰি ৰাষ্ট্ৰীয়তা ভাৱ, বিদেশী সমস্যা, নৈতিকতা তথা আত্মবলিদান দিয়া ব্যক্তিসকলৰ মহানতা আদি সন্দৰ্ভত সাৰগৰ্ভ বক্তব্য আগবঢ়ায় । তেওঁ আক্ষেপেৰে কয়- "আমি ৰাষ্ট্ৰৰ কথা এৰি আন ৰাষ্ট্ৰৰ উদাহৰণ দিয়াত বিশেষ গুৰুত্ব আৰোপ কৰো । আচলতে আমি কোনো নিয়ম সঠিকমতে পালন নকৰোঁ।" প্ৰতিগৰাকী নাগৰিকে নিজস্ব কৰ্মৰাজীৰ জৰিয়তে, স্বচ্ছতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগে। মানুহক এতিয়া গছপুলি ৰোৱাৰ বাবে শিকাব লগীয়া হৈছে ! গতিকে কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেইয়া অনুধাৱন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। তেওঁ লগতে কয় -"আমি যিধৰণে নাগৰিকৰ কৰ্তব্য পালন কৰিব লাগিছিল তেনেদৰে দায়িত্ব পালন কৰা নাই। প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানক মৌলিক কৰ্তব্য আৰু দায়িত্বৰ পথ অনুধাৱন কৰিব দিব লাগে।" ঠিক তেনেদৰে শিক্ষকসকলো শিক্ষাৰ ক্ষেত্ৰত টিউচনৰ মানসিকতা এৰি বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষা সুক্ষ্মভাৱে দিয়াত মনোনিবেশ কৰিবলৈ তেওঁ আহ্বান জনায়। জনতাৰ অনুগ্ৰহত নেতা হব লাগে । নেতাৰ অনুগ্ৰহত জনতা হোৱাটোৱেই নেতাৰ গতি অথবা অহংকাৰী মনোভাৱ প্ৰতিফলিত হৈ ধ্বংস হয় বুলি আৰ এছ এছৰ বৌদ্ধিক প্ৰমুখ গৰাকীয়ে উল্লেখ কৰে। দেশখনক কেবাটাও ল'বীয়ে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই আছে বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে । এনেধৰণৰ চিকিৎসা লৱী,মাৰণাস্ৰ লৱী ইত্যাদিৰ ৰাষ্ট্ৰ বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশক ৰক্ষাৰ দায়িত্ব আমি নাগৰিক সকলে ল'ব লাগিব। ড° বিচিত্ৰ কলিতাই আদৰণি ভাষণ আগবঢ়োৱা এই স্মাৰক বক্তৃতানুষ্ঠানৰ প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মাৰ শিক্ষা-জীৱন আৰু কৰ্মৰাজিৰ ওপৰত নলবাৰী বিভাগৰ সহকাৰী ভাৰতীৰ সহঃ সংযোজক মুকুল কলিতাই চমু আলোকপাত কৰে। আৰম্ভণিতে ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেত সংগীতেৰে আৰম্ভণি হোৱা বক্তৃতানুষ্ঠানত প্ৰয়াত সংঘচালক গৰাকীৰ জীৱনীগ্ৰন্থ "প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা" নামৰ গ্ৰন্থখনি উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘচালক ডাঃ উমেশ চক্ৰৱৰ্তীয়ে কয় যে যাৰ কীৰ্তি থাকে তেৱেঁই জীয়াই থাকে। এগৰাকী আদৰ্শবান স্বয়ংসেৱক নীতিশ চন্দ্ৰ শৰ্মাৰ কৰ্মৰাজী আছিল সততাৰে পূৰ্ণ । শৈক্ষিক ক্ষেত্ৰতো শিক্ষকতা বৃত্তিত সততা বজাই ৰাখিছিল প্ৰয়াত শৰ্মাই । জীৱনী গ্ৰন্থত এগৰাকী কৰ্মযোগী,সৎ আদৰ্শ ব্যক্তিৰ বিৰল তথ্য প্ৰকাশ পাইছে- তেওঁ কয়। আজিৰ এই বক্তৃতানুষ্ঠান অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্তঃ সংঘচালক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মা, কামৰূপ জিলাৰ সংঘচালক ৰজত ভৰালী, প্ৰয়াত নীতিশ চন্দ্ৰ শৰ্মাৰ সহধৰ্মিনী ভানু দেৱী, পুত্ৰ হিমাংশু শৰ্মা, প্ৰচাৰক পংকজ কলিতা, সাংসদ ভূৱনেশ্বৰ কলিতা, বিধায়ক ভৱেশ কলিতা,নলবাৰী বিভাগৰ বিভাগ প্ৰচাৰক কেশৱ ভূঞা, পত্ৰ লেখন প্ৰমূখ নয়নজ্যোতি তালুকদাৰকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি, সচেতন ৰাইজ তথা স্বয়ংসেৱকবৃন্দ উপস্থিত থাকে। শেষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কামৰূপ জিলাৰ কাৰ্যবাহ দিগন্ত দাসে উপস্থিত ৰাইজক শলাগৰ শৰাই আগবঢ়ায়।
23/04/2024
मनोजवं मारुततुल्यवेगं , जितेन्द्रियं बुद्धिमतां वरिष्ठ ।
वातात्मजं वानरयूथमुख्यं , श्रीरामदूतं शरणं प्रपद्ये ।।
श्री हनुमान जन्मोत्सव की आप सभी को हार्दिक शुभकामनाएं ।
भगवान श्री राम जी के अनन्यभक्त श्री हनुमान जी से प्रार्थना है कि आप सभी को सुख-समृद्धि व उत्तम स्वास्थ्य प्रदान करें।
हनुमान जयंती की शुभकामनाएं।
जय सिया राम! जय बजरंगबली!🚩🚩🙏🚩🚩
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Dispur