Dr.Mukut Kumar Devnath
11/02/2021
"হে জন্মভূমি মা
এই জনমত তোমাৰ কৰুণা
কেনেকৈ শুজিম ধাৰ
জন্মভূমি মা"
একাত্ম মানৱ দৰ্শনৰ প্ৰণেতা, প্ৰৱল ৰাষ্ট্ৰীয়তাবাদী, প্ৰচণ্ড দেশপ্ৰেমিক, অন্ত্যোদয়ৰ সংকল্পৰে সমাজৰ অতি দুৰ্বল জনকো বিকাশৰ পথলৈ আগবঢ়াই অনাৰ অভিপ্ৰায়েৰে মা ভাৰতীক ধন্য কৰা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ পূণ্য তিথি "সমৰ্পণ দিৱস"ত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
11/02/2021
#বটদ্ৰৱাআমাৰআমিবটদ্ৰৱাৰ
ধিঙৰ বাকৰিতে শৈশৱ - কৈশোৰৰ দেওনা পাৰ হৈ আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হলোঁ।
ছাত্ৰ অৱস্থাতে জন্ম-মৃত্যুৰ মাজৰ যুঁজখন ওচৰৰ পৰা দেখিবলৈ পাইছোঁ। পৰিস্থিতিয়ে জুৰুলা কৰা মানুহৰ জীৱনৰ কষ্টবোৰ হ্ৰাস কৰাৰ হাবিয়াস এটি মনত পুহি জীৱনৰ বাট বুলিলো।
চিকিৎসকৰ বৃত্তিটোৰ জৰিয়তে বহুতো লোকৰ আশীৰ্বাদৰ পাত্ৰ হৈছিলোঁ। পিছে লগতে আহিছিল বহুতো সমস্যা। সাময়িক পৰিস্থিতিৰ অস্থিৰ অৱস্থাখিনিয়ে প্ৰায়ে ব্যতিব্যস্ত কৰি তুলিছিল। মনে বাৰে বাৰে উচিত পথ বিচাৰি হাবাথুৰি খাইছিল।
এনে বহুতো চিন্তা-ভাৱনা বুকুত বান্ধি ৰাজনৈতিক পথাৰখনত খোজ দিয়াৰ সিদ্ধান্ত লৈ ২০০৩ চনত পৌৰসভা নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ।
পিছত ক্ৰমান্বয়ে ২০০৬ ৰ বিধানসভা নিৰ্বাচনকে ধৰি বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা হিচাপে কৰ্ম সম্পাদন কৰি আছোঁ।
এইবাৰ বিধানসভা নিৰ্বাচন - ২০২১ ত বটদ্ৰৱা বিধানসভা সমষ্টিৰ সমূহ ৰাইজৰ পদধূলা আৰু আশীৰ্বাদ বিচাৰি সেৱা জনাইছোঁ।
বিজেপি জিন্দাবাদ
জয় আই অসম
ভাৰত মাতা কী জয়
07/02/2021
Welcome Modiji 🙏
Click here to claim your Sponsored Listing.
Contact the place of worship
Telephone
Website
Address
83 No Dhing Constituency
Dhing
782123