ASOMI Live
29/06/2024
শ্বেফালী বাৰ্মাৰ বিশ্ব অভিলেখ; মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলা এদিনীয়া শৃংখলাত চমকপ্ৰদ প্ৰদৰ্শন কৰাৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজিৰ পৰা আৰম্ভ হোৱা একমাত্ৰ টেষ্ট মেচখনৰ প্ৰথম দিনটোতে কেইবাটাও ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
আফ্ৰিকাৰ বিৰুদ্ধে চেন্নাইত অনুষ্ঠিত হোৱা মেচখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা শ্বেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাৰ দৰ্শনীয় বেটিঙৰ সন্মুখত দিশহাৰা হৈ পৰে দক্ষিণ আফ্ৰিকা দলটোৰ বলাৰ।
মেচখনৰ প্ৰথম দিনটোতে বিশ্ব অভিলেখ গঢ়িলে শ্বেফালী বাৰ্মাই। মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্ৰুত দ্বিশতক অৰ্জন কৰা বেটছমেনৰূপে পৰিগণিত হ’ল শ্বেফালী বাৰ্মা। শ্বেফালীয়ে মাত্ৰ ১৯৪টা বলত দ্বিশতক অৰ্জন কৰে।
শ্বেফালীৰ উপৰি আনগৰাকী অপেনাৰ স্মৃতি মান্ধানাইও দৰ্শণীয় শতকীয় ইনিংছ খেলে। মান্ধানাই ১৯৪ ৰানৰ ইনিংছ খেলি আউট হয়। দুয়োজনে প্ৰথম উইকেটৰ যুটীত ২৯২ ৰান সংগ্ৰহ কৰে।
মান্ধানা আৰু শ্বেফালীৰ মাজত হোৱা ২৯২ ৰানৰ যুটীটো মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক অপেনিং যুটীৰ অভিলেখ।
মহিলা টেষ্ট ক্ৰিকেটত সৰ্বাধিক অপেনিং পাৰ্টনাৰশ্বিপ কৰা বেটছমেন
স্মৃতি মান্ধানা আৰু শ্বেফালী বাৰ্মা- ২৯২ ৰান
কিৰন বলুচ আৰু সাজিদা শ্বাহ- ২৪১ ৰান
কেৰোলীন এটকিন্স আৰু এৰন ব্ৰিণ্ডল- ২০০ ৰান।
জালুকবাৰী সমষ্টিৰ চৰকাৰী বিদ্যালয়ত ব্যতিক্ৰমী দৃশ্য
29/07/2022
ৰাজ্যবাসীৰ বাবে সুখবৰ
বন্ধ হব অসমৰ চাৰিটা টোলগেট
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Website
Address
Changsari
781101