Majuli Police

Majuli Police

Share

04/07/2026

আজি অনুষ্ঠিত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈকে মাজুলী আৰক্ষীৰ তৰফৰপৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হৈছে।

সকলো পৰীক্ষাৰ্থীয়েই গভীৰ আত্ম - বিশ্বাস আৰু অবিচলিত ধৈৰ্যৰে পৰীক্ষাত অৱতীৰ্ণ হৈ স্ব - উত্তৰণৰ এক সুন্দৰ অভিজ্ঞতাৰ সন্মুখীন হয় যাতে।

Majuli Police extends its heartfelt best wishes to all candidates appearing in the Assam Public Service Commission's Combined Competitive (Preliminary) Examination scheduled to be held today.

May all the candidates appear in the examination with deep self-confidence and unwavering patience, and may they have a fulfilling experience of self-growth and achievement through this endeavour.
CMO Assam
Assam Police
DGPAssamPolice

Photos from Majuli Police's post 27/06/2026

যোৱা ইং ২৪/০৬/২০২৬ তাৰিখৰ নিশা বেংগালুৰুত কৰ্মৰত অৱস্থাত আকস্মিকভাৱে মৃত্যুবৰণ কৰা মাজুলী জিলাৰ ফুলনি নেপালী বাৰী গাঁৱৰ ব্যক্তি পংকজ ছেত্ৰী (বয়স: ২১ বছৰ)- ৰ নশ্বৰ দেহ অসম চৰকাৰৰ 'শ্ৰদ্ধাঞ্জলি' আঁচনিৰ অধীনত সম্পূৰ্ণ মৰ্যাদা সহকাৰে তেখেতৰ পৰিয়ালবৰ্গৰ হাতত গতাই দিয়া হয়।

বিগত দিন কেইটাত এই প্ৰচেষ্টাক সাফল্যমণ্ডিত কৰি তোলা প্ৰতিজন ব্যক্তি আৰু অসম আৰক্ষীৰ জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়া - কৰ্মীলৈ মাজুলী আৰক্ষীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

উল্লেখযোগ্য যে জীৱনৰ শেষ যাত্ৰাক আদৰ আৰু সন্মানৰ যাত্ৰা কৰি তোলা এই 'শ্ৰদ্ধাঞ্জলি' আঁচনিৰ অধীনত মাজুলী আৰক্ষীৰ এয়া পঞ্চমটো সদৰ্থক প্ৰচেষ্টা।
CMO Assam
Assam Police
DGPAssamPolice

Want your organization to be the top-listed Government Service in Majuli?
Click here to claim your Sponsored Listing.

Telephone

Address

Majuli
Majuli