Tiwa Pathra

Tiwa Pathra

Share

Photos from Tiwa Pathra's post 29/10/2025

তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য চিদাম দেউৰীৰ সোৱ‌ঁৰণত স্মৃতিচাৰণ সভা

তিৱা পাথ্ৰা: আজি ২৯ অক্টোবৰ তাৰিখে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰেক্ষাগৃহত প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিশিষ্ট সাহিত্যক চিদাম দেউৰীৰ সোৱ‌ঁৰণত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মচৰঙে আঁত ধৰা
স্মৃতিচাৰণ সভা খনিত উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অধ্যক্ষ মদন বৰদলৈ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, প্ৰতিষ্ঠাপক মুখ্য কাৰ্য্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতি, কাৰ্যবাহী সদস্য খগেন বৰদলৈ, সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমছি, অসম সৌৰভ বঁটা প্ৰাপক বিশিষ্ট তিৱা সাংস্কৃতিক সাধক নাদীৰাম দেউৰী,তিৱা জাতীয় সংগঠণৰ প্ৰাক্তন অগ্ৰণী নেতা ৰবাৰ্ট লুম্ফৈ, প্ৰাক্তন তিৱা ছাত্ৰ নেতা ভূপেন খলাৰ, চিমল দেউৰী, লক্ষেশ্বৰ দলৈ,জনাৰ্দন পাটৰৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ বিষয়ববীয়া, পৰিষদৰ কৰ্মচাৰী সকল আৰু জাতীয় সংগঠনৰ বিষয়ববীয়া সকল। উক্ত স্মৃতিচাৰণ সভাত প্ৰয়াত চিদাম দেউৰীৰ ফটোত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পন কৰা হয়। সভাত উপস্থিত থাকি তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তিৱা জনগোষ্ঠীৰ অন্যতম অভিভাৱক স্বৰূপ সদ্য প্ৰয়াত চিদাম দেউৰী দেৱৰ তিৱা জাতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰে। তেওঁ প্রয়াত চিদাম দেউৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেখেতে তিৱা পৰিষদখন সুস্থিৰ আৰু সৱল ৰূপত প্ৰতিষ্ঠা কৰাৰ লগতে তিৱা ভাষা সংস্কৃতিৰ উত্তৰণৰ বাবে কৰা প্ৰচেষ্টাক শলাগ লৈ তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে। সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলেও প্ৰয়াত দেউৰীৰ কথা সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰে।

14/10/2025

Phiwa 22 Octobero Morigaon chilane Daborghat LP iskul aro 31 Octobero West Karbi Anglong chilane Ulukunchiw Tiwa mate sigaisal awane phari haje osa hongo.
অহা ২২ অক্টোবৰত মৰিগাঁও জিলাৰ দাবৰঘাট প্ৰাথমিক বিদ্যালয় আৰু ৩১ অক্টোবৰত পশ্চিম কাৰ্বি আংলং জিলাৰ উলুকুঞ্চি প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষা মাধ্যমৰ শুভাৰম্ভণি কৰা হব।

03/08/2024

কাইলৈ ৪ আগষ্টত শুভমুক্তি পাব Tiwa Tribe ( Official) ৰ প্ৰযোজনাৰে এটি সুন্দৰ আধুনিক তিৱা গীতৰ video।
Khonana 4 Agostw kisha kodal Tiwa kite video release hongo.

•• Audio Credits ••
- Singer: Manash Mihir Phamjong,
- Lyrics & Composition: Jiyaan Raj Hukai,
- Music: Angshu Puma,
- Mixing & Mastering: Dil Raj Deka,
- Production Unit: Tiwa Tribe (Official),
- Producer: Jyotishman Dekaraja Mosorong.
•• Video Credits ••
- Cast: Akash Bordoloi Hukai, Leeza Phanchong, Manash Mihir Phamjong,
- Director: Bhaskar Raag,
- Editor/Colour Grading: Bhaskar Raag,
- Producer: Jyotishman Dekaraja Mosorong, Arnav Lalung,
- Make-up: Pranab Raj,
- Costume Design: Mridupaban Mosorong,
- Cinematographer: Mriganka Das,
- Ariel: Jishu Doimari, Debojit Mondol,
- Lights: Kamal Bharali, Pal Boruah,
- Location: Greenwood Resort, Assam, Meghalaya, Maharashtra,
- Video Production: Tiwa Tribe (Official) Production Unit & Bhaskar Raag Visuals,
- Banner Design: Bhaskar Raag.

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Website

Address

A Bilingual News Paper (Tiwa And Assamese) Publidhed Four Issue In A Year
Gauhati
781014