PRA Foundation
02/10/2025
সদৌটিলৈ গান্ধী জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ! গান্ধীজীৰ শান্তি আৰু অহিংসাৰ শিক্ষাই আমাৰ সমাজখনক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু অনাগত দিনতো অনুপ্ৰাণিত কৰিব।
14/05/2025
ডবকাৰ আন এক গৌৰৱ !
ডবকা টাউনত অৱস্থিত 'পাকিজা ষ্টৰ'ৰ স্বত্বাধিকাৰী চালেহ আহমদ তালুকদাৰ ডাঙৰীয়াৰ কন্যা তৌফিকা বেগমে সদ্যঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ (CBSE) মাধ্যমিক বিদ্যালয় পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ সহ 96.8 শতাংশ লাভ কৰি ডবকা অঞ্চলৰ লগতে সমগ্ৰ হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনে। ছাত্ৰী গৰাকীৰ এই বিশেষ সফলতাত আমি "পি আৰ এ ফাউণ্ডেচন" পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
13/05/2025
সকলোৰে সু পৰিচিত ডবকাৰ মদাৰতলিৰ আব্দুল বাছিত লস্কৰ ডাঙৰীয়াৰ জ্যেষ্ঠ পুত্ৰ মাহিন মহম্মদ লস্কৰে আজি ঘোষণা হোৱা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ (CBSE) মাধ্যমিক বিদ্যালয় পৰীক্ষাত (Secondary School Examination) ডবকাস্থিত NRI Public Schoolৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ 95.4 শতাংশ (Distinction) লাভ কৰি সমগ্ৰ হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনে। ছাত্ৰ গৰাকীৰ এই বিশেষ সফলতাত আমি "পি আৰ এ ফাউণ্ডেচন" পৰিয়ালৰ তৰফৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
28/03/2025
মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱে ৰঙালী বিহু উপলক্ষে আজি প্ৰফেছৰ ৰশীদ আহমেদ ডাঙৰীয়ালৈ এখন শুভেচ্ছা পত্ৰৰ লগতে এখন অসমীয়াৰ স্বাভিমান ফুলাম গামোচা প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এই বিশেষ উপহাৰ লাভ কৰাৰ বাবে প্ৰফেছৰ ৰশীদ আহমেদ ছাৰলৈ "পি আৰ এ ফাউণ্ডেচন" পৰিয়ালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
14/03/2025
Wish you all a very happy holi.
Click here to claim your Sponsored Listing.
Category
Contact the organization
Telephone
Website
Address
Dabaka